মঙলদৈ, প্ৰবীণ বৰুৱা: ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত নিয়োজিত কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰকল্পটোত বনভোজ খাবলৈ যোৱা মহিলা আৰু শিশুক মানসিক উৎপীড়নৰ গুৰুতৰ অভিযোগ উঠিছে। কৃষি প্ৰকল্পটোৰ চোৱাচিতাৰ দায়িত্বত থকা সানোৱা পঞ্চায়তৰ A.E দীপাংকৰ নাথৰ নেতৃত্বত এনে নিকৃষ্ট কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
প্ৰকল্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰি বনভোজ খাবলৈ যোৱা মহিলা আৰু শিশুৰ এটা দলৰ মানসিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ভুক্তভোগী মহিলাকেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, পহিলা জানুৱাৰীৰ দিনটোত মঙলদৈৰ ডাকচকী অঞ্চলৰ কেইগৰাকীমান মহিলাসহ শিশুৰ এটা দলে বনভোজ খাবলৈ গৈছিল কৃষি প্ৰকল্পটোলৈ।
আৱেলি বনভোজ দলটোৰ কেইটিমান কণমানি ল’ৰাই প্ৰকল্পৰ খেতি পথাৰৰ পৰা কেইটামান ৰঙালাউ চিঙি গাড়ীত ভৰাই লয়। উক্ত ঘটনাৰ বিষয়ে কৃষি প্ৰকল্পত নিয়োজিত কৰ্মচাৰীয়ে খবৰ পাই বনভোজকাৰীৰ দলটোক আবদ্ধ কৰি বিচাৰৰ নামত অশালীন আচৰণ কৰাৰ লগতে মোবাইলত ভিডিঅ’ তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিয়ে।
উক্ত ঘটনাৰ পিছত এতিয়া সচেতন লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ সোঁৱে-বাৱে থাকি হিৰ’ হ’ব খোজা সানোৱা গাওঁ পঞায়তৰ AE দীপাংকৰ নাথে অধ্যক্ষগৰাকীক ভালৰি লগাই সুবিধা আদায় কৰিবলৈ গৈ সীমা চেৰাই গ’ল নেকি বুলি একাংশই প্ৰশ্ন তুলিছে।
সামান্য দোষতে মহিলা আৰু শিশুসকলৰ ভিদিঅ’ তুলি সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰা কৃষি প্ৰকল্পৰ কৰ্মীকেইজনৰ নিকৃষ্ট কাণ্ডই চকু কপাঁলত তুলিছে সচেতন মহলৰ৷ সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ভুক্তভোগী সকল মানসিক ভাবে ভাগি পৰিছে। ঘটনা সন্দৰ্ভত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
লগতে পঢ়ক – আজি গুৱাহাটী পাবহি ভাৰত-শ্ৰীলংকাৰ টীম, ষ্টেডিয়ামত সাপ নোসোমাবৰ বাবে বিশেষ ব্যৱস্থা