বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ এটি বানে ধোৱা অঞ্চল তথা অতি ভিতৰুৱা গাওঁ-বংকোৱালৰ পৰা ৮০ দশকতে এক সমাজমুখী যাত্ৰা আৰম্ভ কৰিছিল এগৰাকী সাহসী মিচিং জীয়ৰীয়ে।
সকলো ফালৰপৰাই অনগ্ৰসৰ অঞ্চলটোক উন্নয়নমুখী কৰি তোলাৰ স্বাৰ্থত ভিতৰুৱা সমাজখনৰ পৰা অনাখৰী মিচিং জীয়ৰী গৰাকীয়ে মহনগৰীৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰি মন্ত্ৰী-আমোলাৰ আগত দাঙি ধৰিছিল ৰাইজৰ দুখ দুৰ্দশা তথা সমস্যাৰ ছবি। যাৰ বাবে অনগ্ৰসৰ ভিতৰুৱা অঞ্চলটোৰ ৰাইজে মুখ দেখিছিল কাহানিও নেদেখা উন্নয়নৰ।
তেওঁৱেই আছিল বান অধ্যুষিত বংকোৱালৰ সমাজকর্মী, সংগ্ৰামী কণ্ঠ তথা সাহসী মিচিং জীয়ৰী ডালিমী লয়িং।
তাহানিৰ অনগ্ৰসৰ অঞ্চলটোৰ সহজ সৰল মিচিং সমাজখনৰ শিক্ষা, সামাজিক ,অৰ্থনৈতিক আদি সৰ্বদিশৰ উন্নয়নৰ সপোন দেখিছিল ডালিমীয়ে৷ ডালিমীৰ এই সমাজমুখী যাত্ৰাত এলাগী হৈ ৰৈছিল তেওঁৰ বৈবাহিক জীৱনো।
এসময়ত নিজ গাঁৱৰ পৰা আৰম্ভ কৰি দিশপুৰৰ সচিবালয়লৈকে সকলোৰে পৰিচিত হৈ পৰা মৰমৰ সেই ‘ডালিমী বাই’ আজিও সোঁশৰীৰে জীৱিত অৱস্থাত আছে বোকাখাতৰ বংকোৱাল গাঁৱত।
উল্লেখযোগ্য য সময়ৰ সোঁতত বৰ্তমান সমাজখনৰ পৰা ক্ৰমাৎ গুৰুত্বহীন হোৱাৰ লগতে বৰ্তমান আৰ্থিক ভাৱেও জুৰুলা হৈ পৰা তাহানিৰ সেই ৰাংঢালী মিচিং জীয়ৰী ডালিমী লয়িঙক জীৱিত কালতে সন্মান দিয়াৰ উদ্দেশ্যে ওপজা গাঁও বংকোৱালত শনিবাৰে মঞ্চস্থ হ’ল তেওঁৰেই জীৱন ভিত্তিক নাটক ডালিমী – মৰা সুঁতি জীয়া নৈ’।
স্বেচ্ছাসেৱী সংগঠন প্ৰজন্ম আৰু নৈ পৰীয়া সুৰ বাহিনীৰ সহযোগত নৈ পৰীয়া অঞ্চলটোত ১মাহ ২০ দিনীয়া নাট কৰ্মশালাৰ শেষত শনিবাৰে সামৰণি নাট্য সন্ধ্যা উপলক্ষে শিক্ষাবিদ সমাজ সংগঠক ,অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰয়াত গোবিন দলেৰ সোঁৱৰণী মঞ্চত মঞ্চস্থ হৈ যায় ডালিমী – মৰা সুঁতি জীয়া নৈ’ৰ লগতে আন এখন মননশীল নাটক – ‘মতি, ৰূপকৰথা – এক যুঁজাৰু যাত্ৰা’।
বিশিষ্ট কবি-নাট্যকাৰ পলাশ লয়িংৰ ৰচনা ডালিমী – মৰা সুঁতি জীয়া নৈ নাটখনৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা আছিল যুৱ নাট্যকৰ্মী অবিনাশ শৰ্মাৰ।নাটকখনত অভিনয় আগবঢ়াই গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ নাট্যকৰ্মীসকলে।
ইফালে লক্ষীমপুৰৰ শিশু গল্পকাৰ মৌমায়া চাণ্ডিল্যৰ এটি ইংৰাজী গল্পৰ আধাৰত নাট্যকাৰ পবিত্ৰ ৰাজখোৱাৰ ৰচনা তথা যুৱ নাট্যকৰ্মী টিকেন্দ্ৰজীৎ দাসৰ পৰিচালনাৰে মঞ্চত প্ৰদৰ্শিত হয় আন এখন মননশীল শিশু নাটক মতি, ৰূপকথা – এক যুঁজাৰু যাত্ৰা ।
উল্লেখযোগ্য যে বংকোৱালত অনুষ্ঠিত হৈ যোৱা উক্ত ১মাহ ২০ দিনীয়া নাট কৰ্মশালাত অসমৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক নাট্যকৰ্মীয়ে অংশ গ্ৰহণ কৰাৰ লগতে শনিবাৰে মঞ্চস্থ হোৱা দুয়োখন নাটকৰেই সামগ্ৰিক পৰিকল্পনা আৰু কাৰিকৰী উপদেষ্টা আছিল বিশিষ্ট নাট্যকাৰ, পৰিচালক, কবি ৰফিকুল হোছেইনৰ।
লগতে পঢ়ক – বটদ্রৱা কাণ্ডৰ আন এজন অভিযুক্তক আটক