নিউজ ডেস্ক- চলিত বৰ্ষৰ তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অসমৰ সাঁতোৰবিদ উত্তৰা গগৈয়ে চমকপ্রদ প্ৰদৰ্শন কৰি মুঠ চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশত অনুস্থিত হৈ থকা প্রতিযোগিতাখনত উত্তৰা গগৈয়ে দিল্লী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰিছিল।
এই প্রতিযোগিতাখনত দিল্লী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰা উত্তৰা গগৈয়ে মহিলাৰ ৫০, ১০০ আৰু ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰাৰ লগতে ২০০ মিটাৰৰ ফ্ৰীষ্টাইল ৰীলে শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰে। নয়দাৰ গৌতম বুদ্ধ নগৰত হোৱা সাঁতোৰ প্রতিযোগিতাত উত্তৰাই মহিলাৰ ৫০ মিটাৰ বাটাৰফ্লাইত ২৯.৬২ ছেকেণ্ডত দূৰত্ব অতিক্ৰম কৰি ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ১০০ মিটাৰ বাটাৰফ্লাইত এক মিনিট ০৬.০৬ ছেকেণ্ডৰে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে। লগতে ২০০ মিটাৰ ৱাটাৰয়াইত দুই মিনিট ৩১.৮২ ছেকেণ্ডৰে আন এটা ৰূপ অৰ্জন কৰে৷
আনহাতে, উত্তৰাই প্ৰতিনিধিত্ব কৰা দিল্লী বিশ্ববিদ্যালয়ৰ মহিলা ৰীলে দলে ফ্রী ষ্টাইলত ব্ৰঞ্জৰ পদক অর্জন কৰে।