সোণাৰি: ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ ঘৰসমূহ পকী কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।

আজি সোণাৰি বিধানসভা সমষ্টিৰ উদয়শ্ৰী গাঁও পঞ্চায়তত অনুষ্ঠিত এখন বিশেষ সভাত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয়, ‘’ৰাজ্যৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ জৰিয়তে উন্নয়ন সাধন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। এইক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে।‘’

সাপেখাটি উন্নয়ন খণ্ডৰ অন্তৰ্গত উদয়শ্ৰী গাঁও পঞ্চায়তত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ (গ্ৰামীণ)ৰ অধীনত ২০২১-২২ বৰ্ষত আবণ্টিত গৃহ অনুমোদন পত্ৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা উদ্দেশ্যে পঞ্চায়ত কাৰ্যালয়ত আজি এখন সভা অনুষ্ঠিত হয়।

গৃহ অনুমোদন পত্ৰ বিতৰণ ও সজাগতা সভাত অংশগ্ৰহণ কৰি ২১৫ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ বিতৰণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

উক্ত সভাত সাপেখাটী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰণ্টু বড়া, আঞ্চলিক পঞ্চায়তৰ সদস্য দ্ৰোণ চাংমাই, উদয়শ্ৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী জুলি ভূমিজ, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি বিজয় ভূমিজৰ লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা আৰু বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক –  জনিয়াৰ লাংলাত বজ্ৰ পৰি এজনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply