নিউজ ডেস্ক: মঙলবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত গঁড়ৰ জৰীপৰ কাম আৰম্ভ হয়। মঙলবাৰ আৰু বুধবাৰে মৰিগাঁওস্থিত পবিতৰা অভয়াৰণ্যত গঁড়ৰ গণনা চলোৱা হয়।
দুদিনীয়া কাৰ্য্যসূচীৰে মুঠ ৯টা ব্লকত ভাগ কৰি ১১ গৰাকী গণনাকাৰী আৰু ৯ গৰাকী পৰ্য্যবেক্ষকে গণনাৰ কাম সমাপন কৰে।
বন বিষয়াৰ লগত মিলি আৰন্যক, ডব্লিউ ডব্লিউ এফ, এলিফেণ্ট ফাউণ্ডেচন, হিপা আদি বেচৰকাৰী সংস্থাৰ সদস্যই ব্লক কাউণ্ট পদ্ধতি প্ৰয়োগ কৰি অভয়াৰণ্যখনত গণনা কাৰ্য্য সম্পূৰ্ণ কৰে।
এইবাৰৰ গণনাত পবিতৰাত মুঠ ১০৭টা গঁড় পোৱা বুলি গণনাকাৰী দলে জানিবলৈ দিয়ে। ইয়াৰে ৩০ টা মতা গঁড়, ৫০ জনী মাইকী গঁড় আৰু ২৭ টা পোৱালী গঁড়। উল্লেখযোগ্য যে যোৱা গণনাৰ তুলনাত এইবাৰ গঁড়ৰ সংখ্যা ৫ টা বৃদ্ধি পাইছে।
২০১৮ চনত কৰা গণনাত পবিতৰা অভয়াৰণ্যত ১০২ টা গঁড় পোৱা গৈছিল। উল্লেখ্য যে ৩৮.৮১ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি থকা পবিতৰা অভয়াৰণ্যত ৰাজ্যখনৰ ভিতৰতে গঁড়ৰ বসতি আটাইতকৈ বেছি।
২০১৪ চনৰ পৰা অভয়াৰণ্যখনত কোনোধৰণৰ চোৰাং চিকাৰৰ ঘটনা ঘটনা সংঘটিত হোৱা নাই।
লগতে পঢ়ক – ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড; কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত