গুৱাহাটী : জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ এটাৰ পিছত আনটো অভিযান চলাইছে। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মাদ্ৰাছাৰ পৰা জেহাদী কাৰ্যকলাপ নিয়ন্ত্ৰণ হৈ থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
মৰিগাঁও জিলাৰ মৈৰাবাৰীত এখন মাদ্ৰাছা জেহাদীৰ ধনেৰে চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মাদ্ৰাছাখন ছীল কৰি দিয়ে আৰক্ষীয়ে। মাদ্ৰাছাখন ছীল কৰাৰ লগতে আৰক্ষীয়ে জেহাদীৰ লিংকমেনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মুফতি মুস্তফা নামৰ এজনক।
লগতে পঢ়ক – WhatsApp প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম CIDৰ সতৰ্কবাণী
ইয়াৰ পিছতে আৰক্ষীৰ জেহাদী বিৰোধী অভিযান চলে মহানগৰী গুৱাহাটীত। মহানগৰীৰ হাতীগাঁও অঞ্চলত অভিযান চলাই আৰক্ষীয়ে জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত চাৰিজনক আটক কৰে। হাতীগাঁৱৰ সিজুবাৰীৰ খানকাৰ পৰা আটক কৰা হয় শ্বাহানুৰ আলম, মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলীক আটক কৰে।