ধেমাজি, পল্লৱ মিলি: ধেমাজিত আৰক্ষীয়ে আজি এক অভিযান চলাই ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰ পৰা ধেমাজি আৰক্ষীয়ে অভিযান চলাই পুনৰ ধেমাজি টঙনাপাৰাৰ পৰা দুজন ড্ৰাগছ সৰবহাৰকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক আকাশ বৰগোহাঁই (২৩) আৰু বিনোদ বৰা (২৩) বুলি চিনাক্ত কৰা হৈছে। যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১১ গ্ৰাম ড্ৰাগছ, দুটা মোবাইল ফোন আৰু নগদ ৭ হাজাৰ টকা জব্দ কৰে বুলি জানিবলৈ দিয়ে|

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছৰ সৰবৰাহৰ গোচৰত উক্ত যুৱক দুজন গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে লগতে জনায়।

লগতে পঢ়ক – বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply