মঙলদৈ, প্ৰবীণ বৰুৱা: মঙ্গলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্বৰগৰ পৰা নামিল আহিল যমদূত।১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰোহী সকলক যমৰাজাই একাংশক দিলে গোলাপ ফুল আৰু একাংশক হেণ্ডচেক।

যিসকল বাইক আৰোহীয়ে  হেলমেট পিন্ধি বাইক চলাইছে তেওঁলোকক দিলে যমৰাজাই গোলাপ ফুলৰ থোপা, আৰু যি সকলে হেলমেট অবিহনে বাইক চলাইছে তেওঁলোকক যমৰাজাই দিলে হেণ্ডচেক। 

এই হেণ্ডচেকৰ জৰিয়তে যমৰাজাই জনাব বিচাৰে হেলমেট অবিহনে বাইক চলাব নালাগে,নামি আহিব পাৰে জীৱনলৈ কাল অমানিশা। দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিব পাৰে আপোনাৰ জীৱনো।

এনেদৰে মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভোগালী বিহুৰ প্ৰাকক্ষনত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা সপ্তাহ লগত সংগতি ৰাখি জনসাধাৰণৰ মাজত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।

লগতে পঢ়ক – আজিৰ পৰা উৰিষ্যাত অনুষ্ঠিত হ’ব পুৰুষৰ হকী বিশ্বকাপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply