গুৱাহাটী : জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ এটাৰ পিছত আনটো অভিযান চলাই উৎসাত কৰিছে জেহাদীৰ ঘটি। বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এখন মাদ্ৰাছাৰ পৰা জেহাদী কাৰ্যকলাপ নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মাদ্ৰাছাখনৰ মুফতিজনক।
মৰিগাঁও জিলাৰ মৈৰাবাৰীত এখন মাদ্ৰাছা জেহাদীৰ ধনেৰে চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মাদ্ৰাছাখন ছীল কৰি দিয়ে আৰক্ষীয়ে। মাদ্ৰাছাখন ছীল কৰাৰ লগতে আৰক্ষীয়ে জেহাদীৰে লিংক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাদ্ৰাছাখনৰ মুফতিজনক। ধৃত মুফতিজনৰ নাম মুস্তফা।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জানিবলৈ দিয়ে “জেহাদী কাৰ্যকলাপত জড়িত থকা মৈৰাবাৰীৰ মাদ্ৰাছাখন আমি বন্ধ কৰি দিছোঁ। বাংলাদেশৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত মাদ্ৰাছাখনৰ মুফতিজনক গ্ৰেপ্তাৰ কৰা হৈছে। মাদ্ৰাছাখনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলক সাধাৰণ বিদ্যালয়ত নিয়াৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰা হৈছে”।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মৈৰাবাৰীৰ মাদ্ৰাছাৰ মুফতিজনৰ লগতে বৰপেটা জিলাতো আৰক্ষীয়ে জেহাদী কাৰ্যকলাপৰ বিৰূদ্ধে অভিযান চলায়। বৰপেটাতো উৎসাত কৰা হয় জেহাদী কাৰ্যকলাপৰ ঘাটি আৰু ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হয়। ধৃত সকলোৰে বাংলাদেশৰ মৌলবাদী সংগঠনৰ লগত সম্পৰ্ক আছিল। তেওঁলোকৰে বেংকত টকাৰ লেনদেন হোৱাৰ স্পষ্ট প্ৰমাণ আছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
ইফাকে এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় “মৌলবাদী সংগঠন সমূহে অসমক লক্ষ্য কৰি লৈছে। বাংলাদেশ হৈ জেহাদী অসমত প্ৰৱেশ কৰি অসমৰ যুৱক সকলক বিপথে পৰিচালিত কৰিছে। জেহাদী বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আমি ইতিমধ্যে বহু সফলতা লাভ কৰিছোঁ। আমি ইতিমধ্যে জে এম বিৰ সদস্যকো গ্ৰেপ্তাৰ কৰিছোঁ”।
লগতে পঢ়ক – তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব
উল্লেখ্য যে বৃহস্পতিবাৰে মৈৰাবাৰীৰ অভিযানৰ পিছতে আৰক্ষীৰ জেহাদী বিৰোধী অভিযান চলে মহানগৰী গুৱাহাটীত। মহানগৰীৰ হাতীগাঁও অঞ্চলত অভিযান চলাই আৰক্ষীয়ে জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত চাৰিজনক আটক কৰে। হাতীগাঁৱৰ সিজুবাৰীৰ খানকাৰ পৰা আটক কৰা হয় শ্বাহানুৰ আলম, মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলীক আটক কৰে। বৰ্তমানলৈকে ১২ জনক গ্ৰেপ্তাৰ কৰা হৈছে।