স্প’ৰ্টছ ডেস্ক – মহাসপ্তমীৰ দিনাই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰচুৰ ৰাণৰ সমাহাৰ হোৱা দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ আয়োজন কৰে। খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৬ ৰাণৰ বিজয় সাব্যস্ত কৰি প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত শৃংখলা দখল কৰে। পিছে ইয়াতকৈও আন এক ঘটনাইহে খেলখনক চৰ্চাত ৰাখিছে। সেয়া হৈছে, খেলখন আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পণজিত দুৱৰাৰ সৈতে একেলগে থিয় হৈ উঠা এখন ফটোই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল।

আৰক্ষী বিষয়া শ্ৰী দুৱৰাই শনিবাৰে টুইটাৰত ছবিখন শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰি লিখিছে – “শুভকামনা। এক ছেন্সুৰি বন্তা হেই – @ImRo45,”

শ্বেয়াৰ হোৱাৰ পিছত, ছবিখনে 11,000 ৰো অধিক লাইক আৰু 650 ৰো অধিক ৰিটুইট লাভ কৰিছে।

যদিও খেলখনৰ পূৰ্বে ৰোহিত শৰ্মাক শুভেচ্ছা জনাবলৈ গৈ আৰক্ষী বিষয়াগৰাকীয়ে ফটোখন তুলিছিল, কিন্তু বহু নেটিজেনে ছবিখন ভুলকৈ বাখ্যা কৰিছিল আৰু ভাবিছিল বা লিখিছিল যে দেওবাৰে টি-২০ৰ ঠিক আগতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কক গ্ৰেপ্তাৰ কৰা হৈছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “প্ৰথমতে মই ভাবিছিলো যে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰিছে, এই ছবিখনত কোনেও হাঁহি থকা নাই যে, সেইবাবে?” “যেন তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে,” আন এজনে লিখিছে।

তৃতীয় এজনে ধেমেলীয়াকৈ মন্তব্য কৰিছিল, “ৰোহিত, ইমান ছিৰিয়াছ কিয়? এনে লাগিছে যেন আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে বা ইয়াত অভিযুক্ত কৰা হৈছে।”

ইফালে, খেলখনত যদিও ভাৰতীয় দলটোৱেই বিজয়ী হৈছিল, দক্ষিণ আফ্ৰিকাৰ বেটাৰ ডেভিদ মিলাৰে তেওঁৰ যুঁজাৰু শতকেৰে সকলোৰে হৃদয় জয় কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply