নিউজ ডেস্ক-  অসম আৰক্ষীয়ে যৌন নিৰ্যাতনৰ বলি হোৱা শিশু আৰু তেনে শিশুৰ পৰিচয় প্রকাশ কৰাক লৈ গুৰুত্বপূৰ্ণ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে। সংবাদ মাধ্যমৰ পৰিচয় প্ৰকাশ কাৰ্য্যত বিৰক্ত হৈ কালি অসম আৰক্ষীয়ে এক সতর্কতা জাৰি কৰিছে।

অসম আৰক্ষীয়ে উল্লেখ কৰে যে “ভুক্তভোগী শিশুৰ পৰিচয় প্ৰকাশ কৰাটো কাৰাবাসৰ শাস্তিযোগ্য অপৰাধ। অনুগ্ৰহ কৰি সামাজিক মাধ্যম বা আন কোনো ঠাইত তেওঁলোকৰ পৰিচয় ভাগ-বতৰা প্ৰকাশ নকৰিব।”

উল্লেখ্য যে, অসম আৰক্ষীয়ে জাৰি কৰা সতৰ্কতাটোত ‘পকচো’ আইনৰ ২৩(২) ধাৰাৰ উদ্ধৃতি দি কোৱা হৈছে যে এই কঠোৰ আইনৰ উক্ত ধাৰা অনুসৰি যৌন নিৰ্যাতনৰ বলি হোৱা কোনো শিশুৰ পৰিচয় অর্থাৎ নাম, ঠিকনা, ফটো, পৰিয়ালৰ সবিশেষ, অধ্যয়নৰত বিদ্যালয়ৰ নাম, চুবুৰীয়া অঞ্চল বা অন্য কোনো সবিশেষ প্রকাশ কৰাটো নিষিদ্ধ, যিটোৰ জৰিয়তে শিশুটোৰ পৰিচয় প্ৰকাশ হ’ব পাৰে।

জানিব পৰা মতে, এই ‘পকচো’ আইনৰ ২৩ (২) ধাৰাৰ অধীনত যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ কেৱল নাম প্ৰকাশ কৰাটোৱেই নিষিদ্ধ নহয়,  কোনো সংবাদ মাধ্যমে শিশুটি সম্পর্কীয় এনে কোনো তথ্যই প্রকাশ কৰিব নোৱাৰিব, যাৰ জৰিয়তে যৌন নিৰ্যাতনৰ বলি হোৱা শিশুটোৰ পৰিচয় ব্যক্ত হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply