নিউজ ডেস্কঃ জেষ্ঠ্য কংগ্ৰেছী নেতা শ্ৰীনিৱাসলৈ দিছপুৰ আৰক্ষীৰ চমন। শ্ৰীনিৱাসক বিচাৰি APS মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে বাংগালুৰুৰ বাসগৃহত বিচাৰি গৈছিল যদিও বিচাৰি নাপালে। যাৰ বাবে অসম আৰক্ষীৰ দলটোৱে ঘৰৰ বেৰত আঁৰিলে জাননী।
২ মে’ ২০২৩ মঙলবাৰৰ দিনৰ ১১ বজাৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । যদি নিৰ্ধাৰিত সময় অনুসৰি উপস্থিত নহয় তেতিয়া হ’লে গ্ৰেপ্তাৰ হ’ব শ্ৰীনিৱাস। প্ৰেৰণ কৰা জাননীত এই কথা স্পষ্টকৈ উল্লেখ কৰা আছে এই গ্ৰেপ্তাৰৰ নিৰ্দেশনা।
আনহাতে, জাননীত উল্লেখ কৰা আছে যে, শ্ৰীনিৱাসে জেৰাৰ সময়ত সৰ্বত্ৰ প্ৰকাৰে সহযোগ কৰাৰ লগতে যাৱতীয় সকলো নথি জমা দিব লাগিব দিছপুৰ আৰক্ষীক।
হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ তুলি অংকিতা দত্তয়ে দিছপুৰ থানাত গোচৰ তৰিছিল। সেই মৰ্মে IPC 41(A) 173 ধাৰাত শ্ৰীনিৱাসৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে । লগতে, IPC 354 ধাৰাতো গোচৰ ৰুজু কৰিছে শ্ৰীনিৱাসৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে, শ্ৰীনিৱাসে এই জাননী লাভ কৰাৰ পিছতেই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰিব পাৰিব।
লগতে পঢ়ক – সমকামী বিবাহৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশৰ কৰোনা সংক্ৰমণ, পিছুৱাই দিয়া হৈছে প্ৰথম শুনানিৰ দিন