নিউজ ডেস্ক: প্ৰায় ৩০০০ জোৱানৰে সমৃদ্ধ কমাণ্ডো বেটেলিয়নক প্ৰশিক্ষণ প্ৰদান কৰিব ভাৰতীয় সেনা বাহিনীয়ে। ইতিমধ্যে অসম আৰক্ষীৰ এই বিশেষ বাহিনীটোক আজিৰ পৰা বিভিন্ন স্থানত সামৰিক প্ৰশিক্ষণ দিয়াৰ বাবে সাজু কৰি তুলিছে।

আজি নাৰেঙ্গী সেনা শিবিৰত অয়োজন কৰা অসম আৰক্ষীৰ কমাণ্ড ট্ৰেনিঙৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ভাষণ প্ৰসংগত কয় যে অসম আৰক্ষীত নিযুক্তি হোৱা এই কমাণ্ড বেটেলিয়ন সম্পূৰ্ণ পৃথক হ’ব।

কিয়নো সন্ত্ৰাসবাদ দমন নতুবা অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰাকৈ ভাৰতীয় সেনা বাহিনীয়ে শাৰীৰিক টেষ্টৰ প্ৰশিক্ষণ, অস্ত্ৰৰ প্ৰশিক্ষণকে ধৰি বিভিন্ন সামৰিক প্ৰশিক্ষণ দি তেওঁলোকক উপযুক্ত কৰি গঢ়ি তোলা হ’ব।

অসম আৰক্ষীৰ সহযোগত সেনা বাহিনীয়ে শ্বিলং, মিছামাৰী, ঠাকুৰবাৰী, গেৰুৱা, নাৰেঙ্গী আদিকে ধৰি উত্তৰ-পূবৰ ৮ টা স্থানত ৪০ সপ্তাহ প্ৰশিক্ষণ প্ৰদান কৰিব।

ইয়াৰে তিনিটা বেটেলিয়ানক উগ্ৰপন্থীমূলক কাৰ্য দমনত নিয়োগ কৰা হ’ব। দুটা বেটেলিয়ন নগৰ আৰু আইন-শৃংখলাত নিয়োগ কৰা হ’ব। আজিৰ এই অনুষ্ঠানত সেনা বাহিনীৰ কৰ্ণেল দীনেশ সিং ৰাণা উপস্থিত থাকে।

লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ডি জি পি ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply