নিউজ ডেস্ক: অৱশেষত ওজন কমোৱাৰ বাবে সময়সীমা বান্ধি দিয়া হ’ল আৰক্ষী বিষয়াক। মেদবহুলতাই দেখা দিয়া অসম আৰক্ষী বিষয়াসকলক তিনিমাহৰ ভিতৰত ওজন কমোৱাৰ বাবে আৰক্ষী সঞ্চালক জি পি সিঙে নিৰ্দেশনা জাৰি কৰিছে।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে সকলো IPS, APS বিষয়া আৰু DEF/Bn/Organisations ৰ সকলো অসম আৰক্ষী কৰ্মীৰ BMI মূল্যংকণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰক্ষী সঞ্চালক গৰাকীয়ে এই কথা টুইট জৰিয়তে আজি জানিবলৈ দিয়া।

উল্লেখ্য যে, ১৫ আগষ্টলৈকে অৰ্থাৎ তিনি মাহৰ ভিতৰত আইপিএছ আৰু এপিএছ বিষয়াসহ সকলো অসম আৰক্ষী কৰ্মীক ওজন কমোৱাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে। ইয়াৰ পিছত ১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে সকলো অসম আৰক্ষীক বিএমআই মূল্যায়ন কৰা হ’ব।

ইফালে, ১৬ আগষ্টত প্ৰথমটো বিএমআই মূল্যায়াংকন দিয়া প্ৰথমজন ব্যক্তি জি পি সিঙ হ’ব বুলি টুইট জৰিয়তে নিজেই আৰক্ষী সঞ্চালক গৰাকীয়ে জানিবলৈ দিছে।

উক্ত ১৫ দিনৰ বিএমআই মূল্যায়নৰ সময়ত যিসকল আৰক্ষী obese বা BMI 30+ শ্ৰেণীত আহিব তেওঁলোকক পুনৰ তিনিমাহৰ অৰ্থাৎ নৱেম্বৰ শেষলৈকে সময় প্ৰদান কৰা হ’ব ওজন হ্ৰাস কৰোৱাৰ বাবে।

ইয়াৰ পিছতো যদি আৰক্ষীৰ ওজন হ্ৰাস নাপায় তেনেহ’লে সেইসকল আৰক্ষীক VRS প্ৰদান কৰা হ’ব জি পি সিঙে জানিবলৈ দিছে। পিছে যিসকল আৰক্ষী থাইৰইডিজমত আক্ৰান্ত তেওঁলোকে প্ৰকৃত মেডিকেল চাৰ্টিফিকেট দেখুৱাবলৈ সক্ষম হ’লে VRS ৰ পৰা ৰেহাই দিয়া হ’ব DGP কয়।  

লগতে পঢ়ক – গোপনীয়তা সুৰক্ষাৰ বাবে হোৱাটছএপৰ নতুন আপডেট Locked Chat

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply