নিউজ ডেস্ক: দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত অৱস্থিত মিনি ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ অফিচিয়েল ইউটিউব চেনেল “দ্য আচাম পুলিচ চেনেল” মুকলি কৰে। ডিজিপি জিপি সিঙে মুকলি কৰে এই চেনেলটো।
অনুষ্ঠানটোত অংশগ্ৰহন কৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, ADGP হীৰেণ নাথ, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, DIGP পাৰ্থ সাৰথি মহন্তকে আদি কৰি ভালেকেইজন আৰক্ষী বিষয়া।
অসম আৰক্ষী আৰু জনসাধাৰণৰ মাজত ঘনিষ্ঠ সহযোগিতা আৰু সম্পৰ্ক স্থাপন কৰাৰ উদেশ্য এই ইউটিউব চেনেল মুকলি কৰা হয়।
অনুষ্ঠানটোত বক্তব্য ৰাখি জিপি সিঙে কয় যে,অসম আৰক্ষীয়ে ৰাজ্যখনৰ নাগৰিকসকলৰ সৈতে ইয়াৰ সম্পৰ্ক শক্তিশালী কৰা আৰু এক অধিক সুৰক্ষিত সমাজৰ দিশত কাম কৰাৰ লক্ষ্য ৰাখিছে। অসম আৰক্ষী ইতিমধ্যে ফেচবুক, টুইটাৰ, আৰু ইনষ্টাগ্ৰামত জনপ্ৰিয় ছ’চিয়েল মিডিয়া হেণ্ডেল আছে আৰু ইউটিউব চেনেল মুকলি হোৱাৰ লগে লগে এই ব্যৱধান আৰু হ্ৰাস পাব।
লগতে আৰক্ষী সঞ্চালকগৰাকীয়ে কয় এই চেনেলৰ জৰিয়তে জনসাধাৰণে অসম আৰক্ষীয়ে গ্ৰহন কৰা সাংস্কৃতিক পদক্ষেপৰ লগতে আৰক্ষীবাহিনীৰ কাম-কাজ ভালদৰে বুজিব পাৰিব।
উক্ত অনুষ্ঠানতে আত্মহত্যা চেষ্টা কৰা এজন যুৱকক জীৱন ৰক্ষা কৰা জালুকবাৰী আউট প’ষ্টৰ লংকেশ্বৰ কলিতাক ৰুপৰ পদক প্ৰদান কৰা হয়। লগতে অসম আৰক্ষীৰ পত্নী কল্যাণ সংস্থাই পৰিবেশন কৰে এক সাংস্কৃতিক অনুষ্ঠান।