গুৱাহাটী : ১৬ খন গাড়ীৰে বিভিন্ন জিলাৰ বানাক্ৰান্ত ৰাইজলৈ প্রদেশ কংগ্ৰেছৰ সাহায্য সামগ্রী প্ৰেৰণ। বানপীড়িত সকলক সকলাে প্ৰকাৰে সহায় কৰিবলৈ ১৫ গৰাকী বিধায়কক বিশেষ দায়িত্ব প্ৰদেশ কংগ্ৰেছৰ। জিলা, ব্লক, মণ্ডল কংগ্ৰেছৰ নেতৃত্বক বান বিধ্বস্ত সকলৰ কাষত থাকিবলৈ নির্দেশ।

অসম প্রদেশ কংগ্ৰেছৰ তৰফৰ পৰা শুকুৰবাৰে ৰাজ্যৰ বান-গৰাখহনীয়া আৰু ভূমিস্খলনত ক্ষতিগ্রস্ত বিভিন্ন জিলাৰ ৰাইজৰ বাবে মুঠ ১৬ খন মালবাহী গাড়ীৰে খাদ্যসামগ্রী বিতৰণৰ বাবে প্রেৰণ কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা নামনি অসম আৰু মধ্য অসমৰ কেইবাখনাে জিলালৈ সাহায্য সামগ্রী ভর্তি ৮ খন গাড়ীৰ উপৰি বৰাক উপত্যকা, নগাঁও, কাৰ্বি আংলং, লক্ষীমপুৰ জিলাৰ কংগ্ৰেছ কার্যালয়ৰ পৰা সংশ্লিষ্ট জিলাসমূহলৈ ভাগে ভাগে সাহায্য সামগ্রী প্রেৰণ কৰা হয়।

প্রদেশ কংগ্ৰেছৰ এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যৰ বানাক্ৰান্ত লোক সকলৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বান সাহায্য প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত সভাপতি ভূপেন কুমাৰ বৰাই বিৰােধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইনৰ উপৰি কেইবাগৰাকীও বিধায়ক, জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্রাক্তন সাংসদ, প্রদেশ কংগ্রেছৰ বিষয়ববীয়াৰ উপস্থিতিত নামনি আৰু মধ্য-অসমৰ জিলাকেইখনলৈ ৰাওনা হােৱা সাহায্য সামগ্রী ভর্তি গাড়ীসমূহৰ যাত্রা দলীয় পতাকা জোকাৰি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে।

লগতে পঢ়ক – উদ্ধাৱ থাকৰেৰ চৰকাৰলৈ সংকট নমাই অনা একনাথ সিন্ধে কোন ?

ভূপেন কুমাৰ বৰাই জানিবলৈ দিয়া মতে দুর্যোগকালত সদায় কংগ্ৰেছ দলে ৰাইজৰ কাষত থিয় দি আহিছে আৰু সদায় থিয় দি যাব। তেওঁ কয় যে কংগ্ৰেছৰ ২৪ গৰাকী বিধায়কৰ ভিতৰৰ ১৫ গৰাকী বিধায়কক ইতিমধ্যে বানপীড়িত ৰাইজৰ লগত থাকি কাম কৰি যাবলৈ বিশেষ দায়িত্ব দিয়া হৈছে আৰু সেই অনুসৰি বিধায়কসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। জিলা সভাপতি, ব্লক আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকলকো বানপীড়িত অঞ্চলসমূহত বানবিধ্বস্ত ৰাইজৰ বাবে কাম কৰিবলৈ কঠো নির্দেশ দিয়া হৈছে বুলিও শ্রীবৰাই প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply