সোণাৰি: চৰাইদেউৰ জিলা দণ্ডাধীশ পল বৰুৱাই আজি জাৰি কৰা এক নিৰ্দেশ যোগে উপায়ুক্ত কাৰ্যালয় প্ৰমুখ্যে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদক ধঁপাতমুক্ত এলেকা হিচাপে ঘোষণা কৰিছে।
এই নিৰ্দেশ অনুসৰি উল্লেখিত কাৰ্যালয় সমূহৰ চৌহদত ধূমপান কৰা, ধঁপাত বা ধঁপাতযুক্ত সামগ্ৰী যেনে গুটখা আৰু একেধৰণৰ সামগ্ৰী আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

এই নিৰ্দেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে আৰু এই আদেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিজ্ঞপ্তিত কোৱা হয়।
লগতে পঢ়ক – কমাৰগাঁৱত শঙ্কৰ সংঘৰ বিচাৰক আৰু সম্পাদনা সৰ্ম্পকীয় কৰ্মশালাৰ আয়োজন