গুৱাহাটী : ১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ। অসম হেণ্ডবল সন্থাৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ।
এই প্ৰতিযোগিতাত দেশৰ আগশাৰীৰ ১০ টা হেণ্ডবল দল ক্ৰমে পঞ্জাৱ পুলিচ, হাৰিয়ানা চাৰ্ভিচ, এছ এছ বি, হিমাচল হেণ্ডবল একাডেমী, পশ্চিমবঙ্গ, ত্ৰিপুৰা, অৰুণাচল, অসম আৰু মণিপুৰ দলে অংশগ্ৰহণ কৰিব। অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত অসম প্ৰীমিয়াৰ হেণ্ডবল লীগ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে এই কথা অৱগত কৰে।
লগতে পঢ়ক – অম্বুবাচী মেলাত বহিঃৰাজ্যৰ বাবাৰূপী চোৰৰ দল
এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ প্ৰশিক্ষণ আৰু বাচনি শিৱিৰ দেওবাৰৰ পৰা নাহৰকটীয়াত অনুষ্ঠিত হ’ব। প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে সৰ্বভাৰতীয় হেণ্ডবল ফেডাৰেশ্যনৰ ছিনিয়ৰ প্ৰশিক্ষক ইন্দৰজিৎ সিং ৰাণাধাৱা উপস্থিত থাকিব। এই সংবাদমেলত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি প্ৰণয় বৰদলৈ, প্ৰিমিয়াৰ লীগ উদযাপন সমিতিৰ সভাপতি ৰাজ কাকতিয়ে অসম হেণ্ডবল দলৰ জাৰ্ছি উন্মোচন কৰে।