নিউজ ডেস্ক: শিশুৰ বিৰুদ্ধে অপৰাধ নিৰ্মূলৰ দিশত অসমে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য দিব্য গুপ্তাই সংবাদমেল সম্বোধন কৰি কয় যে অসমত শিশু নিৰ্যাতনৰ ঘটনা আন কিছুমান ৰাজ্যৰ তুলনাত “অতি কম”। শিশুৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ অতি সক্ৰিয়। ই শিশু নিৰ্যাতনৰ অপৰাধীৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে।’
তথ্য ভাগ-বতৰা নকৰাকৈ গুপ্তাই দাবী কৰে যে ৰাজ্যত শিশুৰ বিৰুদ্ধে অপৰাধ কমিছে। অপৰাধৰ লগত জড়িত নাবালকৰ কথা কওঁতে তেওঁ কয় যে অসম এখন “ভাল ৰাজ্য” য’ত অতি কম সংখ্যক কিশোৰ অপৰাধীয়ে সংশোধনী গৃহত আবদ্ধ হৈ থাকে।
চিকিৎসক দম্পতীয়ে শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰি এনচিপিচিআৰৰ সদস্যগৰাকীয়ে কয় যে তেওঁ নিৰ্যাতিত শিশু দুগৰাকীক লগ পাইছিল আৰু তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লৈছে বৰ্তমান দুগৰাকী শিশু সুস্থ হৈ উঠিছে।
লগতে তেওঁ কয় যে বৰ্তমান শিশু দুটি নিৰাপদ স্থানত আছে আৰু তেওঁলোকৰ আৰোগ্যৰ বাবে সৰ্বোচ্চ যত্ন লোৱা হৈছে। সেই শিশু দুটিৰ ওপৰত কেনেধৰণৰ শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱা হৈছিল মই ক’ব নোৱাৰো। তেওঁলোকৰ ব্যক্তিগত অংগত আঘাত আৰু জ্বলা-পোৰাৰ চিন আছে। আনকি জীৱ-জন্তুৱেও এনে আচৰণ নকৰে।’
উল্লেখ্য যে যোৱা কেইদিনমান পূৰ্বে গুৱাহাটীত চিকিৎসক দম্পতীয়ে দুটি শিশুক তুলি লোৱা বুলি দাবী কৰিছিল আৰু শিশু দুটিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।