গুৱাহাটী, ছৰফৰাজ খান: চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত, বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰা, শিক্ষনুষ্ঠানৰ প্ৰদেশিকিকৰণ বন্ধ কৰা আদিকে ধৰি ৰাজ্যিক কেবিনেটে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে।

বৃহস্পতিবাৰে ৰাইজৰ দলে মহানগৰীৰ চচলত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি শিক্ষা সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

প্ৰতিবাদকাৰীসকলে হাতে-হাতে বিভিন্ন দাবী সন্মিলিত বেনাৰ, ফেষ্টোন আদি লৈ ‘চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মানদণ্ড নিশ্চিত কৰক, বিদ্যালয় প্ৰদেশিকিকৰণ নকৰাৰ সিদ্ধান্ত বাতিল কৰক, গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰক,মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত NEP 2020 ৰ 4.14 আৰু 1.11 নিৰ্দেশনা বাহাল ৰাখক’ আদি শ্ল’ গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ উপদেষ্টা ডঃ ঘনশ্যাম নাথ, উপ সভাপতি দিলীপ বৰা, কাৰ্যকৰী সভাপতি ভাস্ক দি শইকীয়া, উপ সভাপতি অনিল বড়ো, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সাধাৰণ সম্পাদক চিন্ময় বড়াই মাতৃভাষাক হেও প্ৰতিপন্ন কৰি শিক্ষা সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত কোনো পধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত দিছপুৰ সংগমণ্ডলৰ এচিপিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক – অচিন ৰোগত আক্ৰান্ত মঙলদৈৰ বনিয়াপাৰাৰ এটি চাৰিবছৰীয়া শিশু: শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply