গুৱাহাটী – অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ পৰীক্ষাৰ ফলাফল অহা ১৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব। এই কথা বৃহস্পতিবাৰে প্ৰকাশিত এক চৰকাৰী জাননীত সদৰী কৰা হৈছে। মুঠ ২২ টা বিভাগৰ ১১৬৬২ টা পদৰ ফলাফল ঘোষণা কৰা হ’ব উক্ত দিনা।

২২ ছেপ্তেম্বৰত খানাপাৰাত আয়োজন হ’বলগীয়া নিযুক্তিপত্ৰ বিতৰণ সভাত এই উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিমন্ত্ৰণ জনাবলৈকো যো-জা সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে।

ইফালে দুৰ্গা পূজাৰ প্ৰাকক্ষণত আৰু পূজাৰ পিছতেই Assam Direct Recruitment ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ২১ আৰু ২৮ আগষ্টৰ লগতে ১১ ছেপ্তেম্বৰত আয়োজিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। আনহাতে, অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব নোৱাৰা প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে।

শেহতীয়াকৈ গুৱাহাটীৰ এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ গৰাকী ভিক্টৰ দাসে নিযুক্তি প্ৰক্ৰিয়াত ‘কেলেংকাৰী’ হোৱা বুলি অভিযোগ কৰাৰ পিছত এই পৰীক্ষা সন্দৰ্ভত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। তেওঁ দাবী কৰিছিল যে একাংশ লোকে চাকৰিৰ বাবে বাবে ৩-৮ লাখ টকা দাবী কৰিছিল। ভিক্টৰ দাসক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১২০ বি, ১৫৩, ১৫৩এ, ৩৮৪ আৰু ৫০৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ধৃত দাসক ২৯ ছেপ্টেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply