নিউজ ডেস্ক: যোৱা ৪৬ দিনত অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৭৩ জন লোকৰ মৃত্যু ঘটিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই তথ্য প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মতে এই সময়ছোৱাত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৭১ জন।  

যোৱা ২৪ ঘণ্টাত ৰাজ্যত ১০ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে মঙলবাৰে শোণিতপুৰ জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিবেদন মতে মঙলবাৰৰ দিনটোত যোৰহাট জিলাত সৰ্বাধিক ৩ জন, ধুবুৰীত ২ জন আৰু বঙাইগাঁও, ধেমাজী, কাৰ্বি আংলং, শোণিতপুৰ আৰু তিনিচুকীয়াত এজনকৈ লোক জাপানীত এনকেফেলাইটিছত আক্ৰান্ত হৈছে।

লগতে পঢ়ক – ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ ৩জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply