বোকাখাত, উত্তম কুমাৰ শৰ্মা: অৱশেষত ৰাজ্যত অসম আৰক্ষীৰ ৬৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হ’ল।লগতে ঘোষণা কৰা হ’ল অসম পুলিচ ৰেডিঅ অপাৰেটৰৰ ৮১৩ টা পদৰ লগতে ফায়াৰ এণ্ড ইমাৰজেঞ্চীৰ ৭৮৮ টা পদৰ ফলাফল।

ফলাফলত উজলি উঠিল ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু যুৱক যুৱতী।

স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফলক লৈ এতিয়া সন্তুষ্ট ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকল।

বোকাখাতৰ বান বিধস্ত অঞ্চল ১নং বহিখোৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক সঞ্জীৱ দলেয়ে কনিষ্টবল পদত নিৰ্বাচিত হৈ  উৎফুল্লিত হোৱাৰ লগতে কৃতজ্ঞতা জনালে অসম চৰকাৰক।

উল্লেখযোগ্য যে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ তথা ১নং বহিখোৱা গাঁৱৰ প্ৰয়াত লক্ষেশ্বৰ দলে আৰু পাচতোলা দলেৰ দ্বিতীয় পুত্ৰ সঞ্জীৱ দলেয়ে অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে কেইবা বছৰ ধৰি ৰ’দ -বৰষুণ নেওচি দৈনিক অব্যাহত ৰাখিছিল কঠোৰ শাৰিৰীক অনুশীলন।

ইফালে যোগ্যতাৰ ভিত্তিত আৰক্ষী কনিষ্টবলৰ পদ লাভ কৰিবলৈ সক্ষম হোৱা দৰিদ্ৰ যুৱক জনৰ মাতৃৰ লগতে গাৱঁবাসী তথা মিছিং ছাত্ৰ সংগঠন টি এম পি কেৰ বোকাখাত আঞ্চলিক সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে এতিয়া অসম চৰকাৰক।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply