নিউজ ডেস্ক: মঙলবাৰে মিজোৰামত অসম ৰাইফলছে ৮ কোটি টকাতকৈ অধিক মূল্যৰ হেৰোইন জব্দ কৰে।

অসম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা মতে মঙলবাৰে ভাৰত-ম্যানমাৰ সীমান্তত এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই ১.৩ কেজি ওজনৰ হেৰোইন জব্দ কৰে, হেৰোইনখিনিৰ মুল্য ৫.২৩ কোটি টকা।

সামগ্ৰীখিনি ১০০ টা চাবোনৰ বাকচত ভৰাই অনা হৈছিল। সামগ্ৰিখিনৰ সৈতে এজন ব্যক্তিক আটক কৰা হয়।

ইয়াৰ পূৰ্বে অসম ৰাইফলছে সোমবাৰে মিজোৰামত ৭৮০ গ্ৰাম হেৰোইন জব্দ কৰিছিল। ভাৰত-ম্যানমাৰ সীমান্তৰ টিয়াও নদীত ৩.১২ কোটি টকাৰ হেৰোইনখিনি উদ্ধাৰ কৰা হয় বুলি তেওঁ জানিব পৰা গৈছে।

জব্দ কৰা ড্ৰাগছসহ ধৃত ড্ৰাগছ সৰবৰাহকাৰীক পৰৱৰ্তী তদন্তৰ বাবে ৰাজ্যখনৰ আবকাৰী আৰু নাৰ্কোটিকছ বিভাগৰ হাতত গতাই দিয়া হয়।

লগতে পঢ়ক – ৰামপুৰ প্লাণ্টত ব্ৰিটেনিয়াই ৬৫ শতাংশলৈ বৃদ্ধি কৰিব মহিলা কৰ্মচাৰীৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply