কমাৰগাঁও চন্দন বৰা: কমাৰগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বনগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী হোণ্ডাই এচেন্ট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ কাষৰ দ খাৱৈত সোমাই পৰে।
আজি দিনৰ প্ৰায় ৪ বজাত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখি এ এছ ০৩ এক্স ৪৬৭৪ নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বনগাঁৱত দুৰ্ঘটনাত পতিত হয়।
এই দুৰ্ঘটনাত চালকসহ এগৰাকী মহিলা আৰোহীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা লগতে আহত দুজনক পৰিয়ালৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন খাৱৈ পৰা উদ্ধাৰ কৰে।
লগতে পঢ়ক – এইবাৰ বানৰ সংহাৰৰ পৰা ৰক্ষা পৰিল ধুবুৰী, পিছে কেনেকৈ?