বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ বি ডি এম ৰোডত দেওবাৰে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰোৱাৰ লগতে আন দুজন লোক আহত হয়।
নিহত মহিলা গৰাকীক কমাৰগাঁৱৰ খুমটাইৰ মিনু গগৈ বুলি চিনাক্ত কৰা হৈছে। বোকাখাতৰ চাপৰি গাঁওস্থিত মাতৃগৃহৰ পৰা ঘৰলৈ উভটি যোৱাৰ পথতে কৰুণ মৃত্যুক সাবটিব লগা হয় মহিলা গৰাকীয়ে।
জানিব পৰা মতে মিনু গগৈয়ে দুই পুত্ৰসহ মাতৃগহৰ পৰা AS 05Q 0665 নম্বৰৰ এখন স্কুটীৰে আহি থকা অৱস্থাত পাছফালৰ পৰা এখন নম্বৰবিহীন বাঁহ কঢ়িওৱা ট্ৰাকে খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটোত সামান্যভাৱে আহত হৈছে মিনু গগৈৰ দুই পুত্ৰ। ইতিমধ্যে আহত দুই পুত্ৰকে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ইফালে দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন ট্ৰাকখন জব্দ কৰিছে বোকাখাত আৰক্ষীয়ে। উল্লেখযোগ্য যে বোকাখাতত সঘনাই বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ বিপৰীতে দৌৰাত্ম্য বৃদ্ধি পাইছে শিল-বালি তথা মাটি কঢ়িওৱা ডাম্পাৰ, টেক্টৰৰ লগতে বাঁহ কঢ়িওৱা যান-বাহনৰ।
নগৰখনৰ ব্যস্ত পথসমূহত তীব্ৰ গতিত অহা-যোৱা কৰা এনে বাহন সমূহৰ বাবে বিভিন্ন সময়ত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি মন্তব্য কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।
লগতে পঢ়ক – বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধাৰীৰ দেহাৱসান