বোকাখাত, উত্তম কুমাৰ শৰ্মা: ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সময়তে আজি বোকাখাতত সংঘটিত হয় এক অঘটন। ৰাষ্ট্ৰপতিৰ কনভয়ৰ বাহনে মহতিয়াই নিয়াৰ ফলত এজন লোকে প্ৰাণ হেৰোৱাব লগা হয়।
বোকাখাতৰ ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথত জেডি এছ জি মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
ৰাষ্ট্ৰপতিৰ কনভয়ৰ সৈতে যোৱা এখন বাহনে মহতিয়াই নিয়াত বোকাখাতৰ মিলনপুৰ অঞ্চলৰ ৰামেশ্বৰ ৰবিদাস নামৰ শ্ৰমিকজন গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁক বোকাখাতৰ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লোকজনৰ ইতিমধ্যে মৃত্যু ঘটে।
উল্লেখযোগ্য যে তেজপুৰৰ পৰা আহি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰাৰ পাছতেই কাজিৰঙালৈ বুলি ৰাওনা হৈছিল ৰাষ্ট্ৰপতি গৰাকী। সেই সময়তেই ৰাষ্ট্ৰপতিৰ সৈতে যোৱা এছকোৰ্টৰ তিনিখনকৈ বাহনে লোকজনক মহতিয়াই লৈ যোৱা বুলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকে।
লগতে পঢ়ক – গোলাঘাট বন বিভাগৰ বিৰুদ্ধে গোচৰ পৰিৱেশকৰ্মী অপূৰ্ববল্লভ গোস্বামীৰ