বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ লতাবাৰীত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বোকাখাতৰ লতাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত অৰুণাচলৰ পৰা নগাওঁ দিশে আহি থকা AS 06 BC 5429 নম্বৰৰ এখন বলেৰ’ পি’কাপ আৰু বিপৰীত দিশৰ পৰা গৈ থকা AS 12 AA 5593 নম্বৰৰ এখন পালচাৰ বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় উক্ত ভয়াৱহ দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুই বাইক আৰোহী ৷

নিহত বাইক আৰোহী দুজনৰ নাম ঢেকিয়াজুলিৰ বিজয় বাহাদুৰ চেত্ৰী বুলি ডিমাপুৰৰ ডিফুপাৰৰ বিজয় লামা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷

দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে বাহন দুখনৰ সংঘৰ্ষৰ ফলত বাইকসহ জ্বলি ভস্মিভুত হয় ঢেকীয়াজুলিৰ বিজয় বাহাদুৰ চেত্ৰী বুলি অনুমান কৰা বাইক আৰোহীজন।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে বলেৰ’পিক আপ বাহনখনৰ চালক।

লগতে পঢ়ক – ৰূপহীহাটত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply