ধেমাজি, অংকুৰ নৰহ: ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কমাৰ গাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ মৃত্যুক সাবটি লয়৷
প্ৰাপ্ত তথ্য মতে, AS 07 BC 3411 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰে ধেমাজি নগৰ অভিমুখে আহি থকা AS 22 B 8522 নম্বৰৰ এখন হি’ৰ গ্লেমাৰ মটৰ চাইকেলত খুণ্ডামৰাৰ ফলত ঘটনাস্থলীতে বাইক আৰোহীজন নিহত হয়।
নিহত লোকজনক লক্ষ্য নাথ পাইত বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ পেৰণ কৰে।
আনহাতে, দূৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকজনে পথাৰৰ মাজত গাড়ী এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। চালকজনক আটক কৰিবলৈ ধেমাজি সদৰ আৰক্ষীয়ে অভিযান চলাই আছে বুলি আৰক্ষীয়ে জনায়।
লগতে পঢ়ক – মঙলদৈত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাটি সুৰা জব্দ