কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰত যোৱা নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা MN 017644 নম্বৰৰ এখন খাৰুৱা তেল পৰিবাহী টেংকাৰত যোৰহাট দিশৰ পৰা আহি থকা RJ 52GA 8467 নম্বৰৰ এখন মালবাহী ট্ৰাকে পাছফালে খুন্দা মৰাত মালবাহী ট্ৰাকখনৰ চালক গৰাকী থিতাতে নিহত হয়।
আনহাতে ট্ৰাকখনৰ খুন্দাত তেল পৰিবাহী টেংকাৰখন পথৰ কাষত বাগৰি পৰে। ঘটনাস্থলীত পুৱা দেৰগাঁৱৰ যানবাহন আৰক্ষী উপস্থিত হৈ নিহত চালক গৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
নিহত চালক গৰাকীক তেওঁৰ লগতে থকা ডাইভিং লাইচেঞ্চখনৰ পৰা আৰক্ষীয়ে ৰাজস্থানৰ ভগৱান সিং ৰানাৱত বুলি চিনাক্ত কৰিছে।
লগতে পঢ়ক – আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস; এইবছৰৰ বিষয়বস্তু, ইতিহাস আৰু তাৎপৰ্য্য