নতুন বছৰৰ আৰম্ভণিতে কৰিমগঞ্জত বনভোজ খাবলৈ যোৱা এটা দল কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন ১১ জন লোক আহত হয়।
দেওবাৰে আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে শনিবাৰে সন্ধিয়া জিলাখনৰ ৰটাবাৰীত বনভোজ দল কঢ়িয়াই নিয়া বাহনখন এটা দ খাৱৈত বাগৰি পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে যুৱক-যুৱতীৰ এটা দল হাইলাকান্দি জিলাৰ কাটলিচেৰা অঞ্চলত বনভোজ খায় উভতি অহাৰ সময়ত তেওঁলোকৰ বাহনখন দুৰ্ঘটনাগ্ৰস্থ হৈছিল।
নিহত যুৱক দুজনক আফতাব উদ্দিন লস্কৰ আৰু বিশ্বজিৎ লোহাৰ বুলি চিনাক্ত কৰা হৈছে।
“আহতসকলক প্ৰথমে কাটলিচেৰাৰ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পিছত তেওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটাললৈ স্থানান্তৰ কৰা হৈছিল,” এগৰাকী আৰক্ষী বিষয়াই কয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰটাবাৰী আৰক্ষী থানাৰ এটা দলে স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান চলাইছিল বুলি বিষয়াজনে লগতে জানিবলৈ দিয়ে।
লগতে পঢ়ক – ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত বনভোজ দলক নিৰ্যাতনৰ অভিযোগ