চন্দন বৰা, কমাৰগাঁও: খুমটাই আৰক্ষী চকীৰ সমীপৰ খুমটাইৰ ন-গাঁৱত আজি পুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয়।

আজি পুৱা প্ৰায় ৫ বজাত এ এছ ০৫ জে ২১১৩ নম্বৰৰ এখন চুইফট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা ট্ৰেন্সফৰ্মাৰত খুন্দিওৱাৰ ফলত বিলাসী বাহনখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হোৱাৰ লগতে চালক ভদেশ্বৰ কুৰ্মীসহ ৫ গৰাকী মহিলা আৰোহী কথমপি প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে তিতাবৰত নাম কীৰ্ত্তন খাই খুমটাইৰ বৰুৱাগাঁৱৰ ঘৰলৈ ঘূৰি অহাৰ অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। 

পিছত ঘটনাস্থলীত খুমটাই আৰক্ষী উপস্থিত হৈ আহতসকলক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

লগতে পঢ়ক – পাঠশালাত হোষ্টেলৰ মালিকে প্ৰহাৰ কৰিলে ছাত্ৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply