মঙলদৈ, প্ৰবীণ বৰুৱা: লোকনিৰ্মাণ তথা গড়কাপ্তানি বিভাগৰ কেতবোৰ হঠকাৰী কাৰ্যই বহুতকে ক্ষুব্ধ কৰি অহাৰ সময়তে বিভাগটোৰ আন এক হঠকাৰী কাৰ্যৰ পৰিণতিত দেওবাৰে মঙলদৈত এজন উদীয়মান যুৱকৰ অকাল মৃত্যু ঘটে।

মঙলদৈ থানাৰ অন্তৰ্গত জনাৰামচৌকাৰ কেওটপাৰা গাঁৱৰ হোদাপাৰা চুবুৰীৰ প্ৰাক্তন আলফা, সৰবৰহী নাগৰিক দেৱেন মেধীৰ একমাত্ৰ পুত্ৰ নিলোৎপল মেধীৰ (২৮) এক দূৰ্ভাগ্যজনক দূৰ্ঘটনাত মৃত্যু হয় ৷

ঘটনাৰ বিৱৰণী মতে মঙলদৈৰ এখন মটৰচাইকেল ডীলাৰত কৰ্মৰত যুৱকজনে আনদিনাৰ দৰে যোৱা ১৪ জুলাইতো মটৰচাইকেলেৰে নিশা ঘৰলৈ আহি আছিল৷ তাৰ আগমুহূৰ্তত এম পি কে পথৰ জনাৰামচৌকাৰ সমীপৰ হৰিণখোজাত বানে ছিগা এছোৱাত ট্ৰেক্টৰেৰে মাটি পেলাই থোৱা হৈছিল৷

কোনোধৰণৰ আগতীয়া সতৰ্কীকৰণ অৱিহনে এইদৰে পথৰ ওপৰত পেলাই থোৱা মাটিৰ দমটোত খুন্দিয়াই বাগৰি পৰি যুৱকজন গুৰুতৰভাৱে আহত হয়৷ তেওঁক স্থানীয়লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু পাছত আমিনগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে৷

কিন্তু বিগত তিনিদিনে মৃত্যুৰ সৈতে যুঁজি থকা যুৱকজনে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ মঙলদৈত গভীৰ শোকৰ ছাঁ পৰে৷

আজি নিলোৎপলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গুৱাহাটীৰ পৰা জনাৰামচৌকাৰ নিজ বাসগৃহলৈ অনা হ’ব।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply