মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: শনিবাৰে মাৰ্ঘেৰিটাত সংঘটিত এক পথ দুৰ্ঘটনাত এখন কয়লা সৰবৰাহী ট্ৰাকৰ খুন্দাত এজন লোকে মৃত্যুক সাবটিব  লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে, শনিবাৰে পুৱা ৯.৩০ বজাত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা এখন ১৪ চকীয়া ট্ৰাকৰ খুণ্ডাত ৬০ বছৰ ঊৰ্ধ্বৰ লোকজনৰ মৃত্যু হয়। নিহত লোকজনক বৰগোলাই অঞ্চলৰে মন বাহাদুৰ প্ৰধান বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখনে লোকজনক পাছফালৰ পৰা খুণ্ডা মাৰে। গুৰুতৰভাৱে আহত মন বাহাদুৰক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও আদবাটতে প্ৰধানৰ মৃত্যু হয়। পিছত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন মাৰ্ঘেৰিটা আৰক্ষীয়ে জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়। 

উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বৈধ- অবৈধ কয়লা সৰবৰাহ কৰিবলৈ অহা শ শ ট্ৰাকক নাকী লোগোৱাত মাৰ্ঘেৰিটা আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

কালিৰ উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰাইছে। অন্যহাতে স্থানীয় ৰাইজে নীতি নিয়ম পালন নকৰা ট্ৰাক সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

লগতে পঢ়ক – ২১ ডিচেম্বৰত তৃতীয় বৰ্গৰ Skill Test

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply