মঙলদৈ: দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ যেন মৰণফাণ্ডত পৰিনত হৈছে। বৃহস্পতিবাৰে দুপৰীয়া ছিপাঝাৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়৷

প্ৰাপ্ত তথ্য মতে, কালি গধুলি পিপৰা দোকানত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত  বাইক আৰোহী যুৱক থিতাতে নিহত হয়।

নিহত বাইক আৰোহীজনক কলিয়াবৰৰ ৩৪ বছৰীয়া তুলসী দে বুলি চিনাক্ত কৰা হয়। তুলসী দে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডল হিচাপে কৰ্মৰত আছিল। 

কাৰ্যালয়ৰ কাম সামৰি নিজা বাইকেৰে মঙলদৈত থকা ভাড়াঘৰ অভিমুখে আহি থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপৰা দোকানত মহতীয়াই লৈ যোৱাত ঘটনাস্থলীতে যুৱকজনৰ মৃত্যু হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply