শিৱসাগৰ: শুকুৰবাৰে নিশা শিৱসগাৰৰ দিচাং দলংৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং মাজগাঁৱত BR06 – GD – 4336 নম্বৰৰ এখন ১৪ চকীয়া তামোল ভৰ্তি ট্ৰাক আৰু AS25 -CC – 1733 নম্বৰৰ যাত্ৰীবাহী নাইট চুপাৰৰ মাজত সংঘটিত হয় উক্ত সঘর্ষ।

জানিব পৰা মতে দুৰ্ঘটনাৰ ফলত নাইট চুপাৰখনৰ ৩০ জনৰ অধিক যাত্ৰী আহত হৈছে। নাইট চুপাৰখনত প্ৰায় ৪০ জন যাত্ৰী আছিল। দুৰ্ঘটনাৰ পিছতে ৪০ জন যাত্ৰীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুইজনৰ অৱস্থা সংকটজনক আৰু দুইজনকে ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনা অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং মাজগাঁৱত তীব্ৰবেগী ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে A. R. Travelsৰ নাইট চুপাৰখনত।

দুইখন গাড়ী ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।

লগতে পঢ়ক – কামাখ্যাৰ নতুন পথটোৰ নামাকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply