বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত অলপতে অনুষ্ঠিত হৈ যায় সদৌ অসম চাওঁতাল যুৱ সন্থা (AASYA)ৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধিমুলক আৰু সাধাৰণ সভা।

বোকাখাতৰ সাপজুৰিৰ চাওঁতাল ভৱনত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মোহন চৰেনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য বাখ্যা কৰে সদৌ অসম চাওঁতাল যুৱ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিনোদ চৰেনে।

লগতে সভাত উপস্থিত থাকে সদৌ অসম চাওঁতাল যুৱ সন্থাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি বালি বাস্কে,আদিবাসী সামাজিক শিক্ষা আৰু সাংস্কৃতিক সন্থা(অসম)এচেকা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উৎপল চৰেণ,কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা দয়াৰাম হাসদা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিৰ সমিতিৰ সভাপতি দুলাল বৰাইক তথা বিভিন্ন ঠাইৰ পৰা অহা সংগঠনটোৰ প্ৰতিনিধি সকল।

সভাত সৰ্বসন্মতি ক্ৰমে সদৌ অসম চাওঁতাল যুৱ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ বাবে বিনোদ চৰেনক আৰু সাধাৰণ সম্পাদক অনন্ত চৰেনক লৈ এখন ৩১ জনীয়া সমিতিও গঠন কৰা হয়। লগতে নৱগঠিত সমিতিৰ উপৰিও সমগ্র অসমৰ ভৌগোলিক পৰিসীমা ধুবুৰীৰ পৰা শদিয়ালৈকে প্ৰতিনিধিত্ব কৰিব পৰাকৈ নতুন সমিতি বাহাল ৰখাৰ লগতে নতুন সদস্যভুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও সমিতিৰ পূৰ্ণ পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে চাওঁতাল জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়নৰ অৰ্থে সিদ্ধান্ত ও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

লগতে পঢ়ক – আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা গঁড় চিকাৰী আচমত আলীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply