ৰূপহীহাট: চৰকাৰী আঁচনিৰ কাম বিতৰনক লৈ জুৰীয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পঞ্চায়তৰ উপ সভাপতি আৰু পঞ্চায়ত সভাপতিৰ আত্মীয়ৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা।
প্ৰাপ্ত তথ্য মতে, জুৰীয়াৰ মেলেকাধিং গাঁও পঞ্চায়ত কাৰ্য্যালয়ত আজি পঞ্চায়ত সচিব, সভাপতি, ৱাৰ্ড মেম্বাৰ বহি পঞ্চায়তৰ আঁচনিৰ কাম-কাজক লৈ আলোচনাত বহিছিল।
আলোচনা চলি থকাৰ সময়তে আঁচনিৰ কাম-কাজক লৈ হঠাৎ পঞ্চায়ত সভানেত্ৰীৰ শশুৰ ফক্কৰউদ্দিন আহমেদৰ লগত উপ সভাপতি স্বামী গুলজাৰ হুছেইনে কাজিয়াত লিপ্ত হয়। পঞ্চায়তখনৰ উপ সভাপতিৰ স্বামী গুলজাৰ হুছেইনে ফক্কৰউদ্দিন আহমেদক অক্ৰমণ কৰি গুৰুতৰ জখম কৰে।
পিছত সচিব, ৱাৰ্ড সদস্যসকলে ফক্কৰউদ্দিন আহমেদক দগাঁও প্ৰাথমিক চিকিৎসালয় লৈ আহে। ইতিমধ্যে দগাঁও আৰক্ষী পহৰা চকীত গুলজাৰ হুছেইনৰ বিৰুদ্ধ এজাহাৰ দাখিল কৰা হৈছে।
উক্ত ঘটনাক কেন্দ্ৰ কৰি পঞ্চায়তখনত চেপা উত্তেজনাই বিৰাজ কৰিছে। আনফালে ৰাইজৰ প্ৰতিনিধি হৈ একমাত্ৰ ধনৰ কমিচনৰ বাবেই পঞ্চায়ত কাৰ্যালয়ত সচিবৰ সন্মুখত মাৰপিটৰ ঘটনাক সচেতন মহলে তীব্ৰ গৰিহনা দিয়াৰ লগতে আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
লগতে পঢ়ক – মৰাণত কেন্দ্ৰীয় বীৰাংগণা সতী সাধনী স্মৃতি দিৱস আয়োজন