গুৱাহাটী : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসন। সু-শৃংখল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে।

এই উদ্দেশ্যে বুধবাৰে গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত আৰক্ষীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪ জন ছেক্টৰ অফিচাৰ আৰু ৮ জন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে।

ছেক্টৰ পৰ্যায়ত আৰক্ষী উপপৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ ৮ টা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্বাৱধানত থাকিব। আনহাতে ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী।

ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষীৰ লোক নিয়োগ কৰা হ’ব। গুৱাহাটী কমাৰ্চ কলেজত আৰক্ষী আৰু ভোটগ্ৰহণত নিয়োজিত বিষয়া-বৰ্গৰ ‘গ্ৰুপিং’ কৰাৰ পিছত অহা ১৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব আৰক্ষীৰ দ্বিতীয় তথা শেষ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী।

 আনহাতে যিকোনো সময়ত আৰক্ষীৰ সাহায্যৰ বাবে খোলা ৰখা হৈছে হেল্প লাইন নম্বৰ। এইক্ষেত্ৰত প্ৰয়োজন হ’লে ১০০ অথবা ১১২ নম্বৰত ডায়েল কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে।

ইপিনে, গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগমৰ নিৰ্বাচনত নিয়োজিত ৮৩৫ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২৫০৫ গৰাকী প’লিং বিষয়াৰো ‘গ্ৰুপিং’ সম্পন্ন কৰা হয়।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply