বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ বৰজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱতি নিশা এখন গৰু সৰবৰাহকাৰী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়।
দুৰ্ঘটনাটোত ১১ টাকৈ গৰুৰ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাটাও গৰু।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত উদ্ধাৰ হোৱা ২৭ টাকৈ গৰু বোকাখাতৰ বিহৰা সাপ্তাহিক গৰু বজাৰৰ পৰা নগাঁওলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 DD 0685। আনহাতে , দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ ড্ৰাইভাৰ-হেন্দিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
উল্লেখযোগ্য যে সৰবৰাহ কৰা ২৭টাকৈ গৰুৰ ক্ৰয় কৰা নঠিপত্ৰ লাভ কৰা হৈছে যদিও দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নাছিল সৰবৰাহৰ ক্ষেত্ৰত কোনো বৈধ নঠিপত্ৰ।
ইফালে ট্ৰাকখনত জোখতকৈ অধিক গৰু সৰবৰাহ কৰা হৈছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ।
লগতে পঢ়ক – মিচিং স্বায়ত্ব শাসিত পৰিষদত গৰাখনীয়া প্ৰতিৰোধৰ নামত ৬০ লাখ আত্মসাতৰ ব্লু-প্ৰিন্ট