শিৱসাগৰ: ঘোষণা কৰা হ’ল শিৱসাগৰ জিলাৰ পাঁচখন পৌৰ সভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ নাম। আজি শিৱসাগৰৰ বিজেপি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জিলা প্ৰভাৰী ৰূপম গোস্বামীয়ে এই ঘোষণা কৰে।
শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃণালিনী কোঁৱৰ আৰু উপ পৌৰপতি ৰূপে সঞ্জীৱ বৰাৰ নাম ঘোষণা কৰা হয়।
পৌৰপতিৰ দায়িত্ব লাভ কৰা মৃণালীনী কোঁৱৰে বিজেপি দলৰ পৰা দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ পৌৰসভাৰ ১১ নং ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈছিল। বিগত পৌৰসভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল।
ইফালে উপ পৌৰপতি ৰূপে দায়িত্ব লাভ কৰা ৯ নং ৱাৰ্ডৰ অসম গণ পৰিষদৰ নিৰ্বাচিত পৌৰ সদস্য সঞ্জীৱ বৰা এজন জ্যেষ্ঠ অধিবক্তা।
ইয়াৰ লগতে শিৱসাগৰ জিলাৰ আন চাৰিটা পৌৰসভা ক্ৰমে ডিমৌ, আমগুৰি, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা কৰা হয়।
সেই অনুসৰি আমগুৰি সমষ্টিৰ পৌৰপতি ৰূপে বিজেপি দলৰ অনামিকা নেওগক আৰু উপ-পৌৰপতি ৰূপে অগপ দলৰ সংগীতা দাসক নিৰ্বাচন কৰা হয়। নাজিৰা পৌৰসভাৰ পৌৰপতি ৰূপে বিজেপি দলৰ বৰ্ণালী চেতিয়া আৰু উপ-পৌৰপতিৰূপে অগপ দলৰ নাছিমুদ্দিন আহমেদক দায়িত্ব প্ৰদান কৰা হয়।
শিমলুগুৰি পৌৰসভাৰ পৌৰপতি বিজেপি দলৰ কবিতা মেছ আৰু উপ পৌৰপতি ক্ষীৰোদ শেনচোৱাক নিৰ্বাচন কৰে। সেইদৰে ডিমৌ পৌৰসভাৰ পৌৰপতি বিজেপি দলৰ পল্লৱিতা বৰুৱা গগৈ আৰু উপ পৌৰপতি অজিত বৰগোঁহাইক নিৰ্বাচন কৰা হয়।
সংবাদমেলত জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই, জিলাৰ সহ প্ৰভাৰী সুভাষ দত্ত মিত্ৰজোট অগপ দলৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক নিত্যা কলিতা সহ বিষয়ববীয়া উপস্থিত থাকে।
লগতে পঢ়ক – ধন দাবী কৰি সোণাৰিত আটক নগা উগ্ৰপন্থী কেডাৰ