মানকাচৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে মানকাচৰত উপস্থিত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং। লগতে থাকে অসম চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়া। মানকাচৰত উপস্থিত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে সীমান্ত পৰ্যবেক্ষণ কৰে।

উল্লেখযোগ্য যে অহা ৯ মে’ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণলৈ আহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰিব। ইয়াকে লৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং, অসম চৰকাৰৰ প্ৰধান সচিব নিৰাজ বৰ্ণা, আই জি পি দিগন্ত বড়ো, আই জি পি হৰেন নাথৰ লগতে বি এছ এফৰ  আই জি সঞ্জয় সিং গোখলৰ লগতে আৰক্ষী আৰু বি এছ এফৰ বহু কেইজন শীৰ্ষ বিষয়া মানকাচৰত সীমান্তত আহি পৰ্যবেক্ষণ কৰে।

শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত হেলিকপ্টাৰযোগে পৰ্যবেক্ষণৰ দলটো আহি  মানকাচৰৰ সাহাপাৰা বি এছ এফ কেম্প এলেকাত উপস্থিত হয়। সীমান্তত উপস্থিত হৈ কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ কোন কোন স্থানত গৃহমন্ত্ৰী অমিত শ্বাহ পৰিদৰ্শন কৰিব তাক লৈ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে বি এছ এফৰ সৈতে পৰ্যবেক্ষণ কৰে। সীমান্তৰ পৰা দলটোৱে দিনৰ প্ৰায় ১২ বজাত মানকাচৰ বি এছ এফ কেম্পত উপস্থিত হয়।

বি এছ এফ কেম্পত বি এছ এফ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ সৈতে জৰুৰী আলোচনা কৰে।আলোচনাৰ অন্তত বি এছ এফ কেম্পত আহাৰ গ্ৰহণ কৰি পুনৰ গুৱাহাটীলৈ ৰাওনা হয়। ইফালে কেন্ত্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ পূৰ্বে মানকাচৰ চহৰৰ প্ৰতিটো পথ নতুনকৈ নিৰ্মান কৰি থকাৰ লগতে সজাই পৰাই তোলা হৈছে বি এছ এফ কেম্প।

লগতে পঢ়ক – পশ্চিম কাৰ্বিআংলঙত উপস্থিত হয় অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলক কুমাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply