নিউজ ডেস্ক: গোৱালপাৰা জিলাৰ ধনুভাঙাত আজি সংঘটিত এক হৃদয়বিদাৰক ঘটনাত দ্ৰুতবেগী ট্ৰেইনৰ খুন্দাত পতি-পত্নীয়ে মৃত্যুক সাবটি লয়।

প্ৰাপ্ত তথ্য মতে ধনুভাঙাৰ আৱৈমাৰীত ধান কাটিবলৈ গৈ থকাৰ মুহূৰ্তত উক্ত কৰণ ঘটনাটো সংঘটিত হয়। নিহত দম্পতীহালক ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ আৰম্ভ কৰা নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

স্থানীয় লোকৰ মতে নতুন পথটোৰে ট্ৰেইন চলাচল আৰম্ভ হোৱাৰ কথা গম নপোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি অনুমান কৰা হৈছে৷

লগতে পঢ়ক – ৰাজ্যৰ ৰাজনীতিত অবিশ্বাস্য পট পৰিৱৰ্তন সম্ভাৱনা! একেপাত শৰেৰে চাৰি চিকাৰৰ অংক অসমৰ চাণক্যৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply