গুৱাহাটী : ঈদ উল আজহাৰকলৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ আহ্বান। অসমবাসী ৰাইজলৈ ঈদ উল আজহাৰকলৈ বিশেষ আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলামাই। ঈদ উল আজহাৰলৈ মাজত মাত্ৰ কেইটামান দিন। আহ ১০ জুনত ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব ঈদ উল আজহাৰ।

ইছলামিক কেলেণ্ডাৰৰ অন্তিমটো মাহ মুছলিম বিশ্বৰ বাবে অতিকৈ তাৎপর্যপূর্ণ। এই মাহত পবিত্র হজ সমাপন কৰিবলৈ সমর্থবান মুছলমান সকলে মক্কা-মদিনালৈ যাত্ৰা কৰে। হজৰ শেষ পর্যায়ত হাজী সকল আৰফাৰ ময়দানত সমবেত হয় আৰু আৰফাৰ পিছদিনা ত্যাগৰ প্রতীক কুৰবাণী আদায় কৰে। পশু জবেহৰ জৰিয়তে কুৰবাণী পর্বটো হজযাত্রীৰ লগতে সমগ্র বিশ্বৰ মুছলমানে পালন কৰে।

কুৰবাণী সামর্থবান মুছলমানৰ বাবে অৱশ্য পালনীয় কর্তব্য আৰু এই কুৰবাণীৰ বাবে উট, ছাগলী, গৰু, ম’হ, ভেড়া আদি জন্তু ব্যৱহাৰ কৰাৰ নিয়ম আছে।

ভাৰত এখন বিভিন্ন জাতি, জনগােষ্ঠী, ধৰ্মাৱলম্বী লােকৰ দেশ। এই দেশৰ অধিকাংশ লােক সনাতন ধর্মাৱলম্ভী। সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু। গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃ-সম জ্ঞান কৰে। এই কথালৈ লক্ষ্য কৰি ২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে ঈদ উল আজহাত পাৰ্যমানে কুৰবাণী পর্বত গৰু ব্যৱহাৰ নকৰাৰ বাবে এটি ৰাজহুৱা আবেদন জনাইছিল।

লগতে পঢ়ক –  ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ; যোৱা চাৰি মাহৰ ভিতৰত সৰ্বাধিক

সেই আবেদনত কোৱা হৈছিল যে, যিহেতু কুৰবাণী গৰুৰে কৰিব লাগিবই বুলি কোনাে বাধ্যবাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধর্মীয় আবেগ জড়িত, সেয়ে কুৰবানীৰ ঈদত বিকল্প জন্তুৰ ব্যৱহাৰ আদৰণীয়। সেয়ে সমাগত কুৰবাণীৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে আমাৰ পবিত্র ধর্মীয় কর্তব্য আদায় হয় আৰু কাৰাে অনুভুতিত আঘাত নপৰে তেনে জন্তু ব্যৱহাৰ কৰিবলৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply