কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ ৰঙাগড়া বাগিছা প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ পাঠদান চলি থকাৰ মাজতে হঠাৎ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে।
বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে প্ৰথমে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ জানটু মিৰ্ধা নামৰ ছাত্ৰজনে জ্বৰ-কাঁহ, কঁপনিৰ লগতে উশাহ-নিশাহত কষ্ট পোৱাত তেওঁক ৰঙাগড়া বাগিছা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইয়াৰ কিছু সময় পিছতে বিদ্যালয়খনৰ আন ১০ ছাত্ৰ-ছাত্ৰীৰ হঠাৎ মুৰঘুৰণি, জ্বৰ, অত্যাধিক কাঁহ, শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাত বিদ্যালয় কতৃপক্ষই তেওঁলোককো ততাতৈয়াকৈ বাগিছাখনৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰোৱায়।
ইফালে বাগিছাখনৰ ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ বাগিছাখনত এক চাঞ্চ্যলৰ সৃষ্টি হয়। জানিব পৰা মতে বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী এতিয়াও অসুস্থ হৈ আছে।
সংবাদ মাধ্যমৰ আগত বাগিছা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট আৰু নাৰ্চ গৰাকীয়ে অতিপাত গৰম আৰু পুষ্টিহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰা বুলি সন্দেহ ব্যক্ত কৰে।
আনহাতে ৰঙাগড়া চাহ বাগিছাৰ চিকিৎসালয়ত চিকিৎসক নথকাত বিমোৰত পৰিছে অভিভাৱকসকল। কিছুদিন পূৰ্বে চিকিৎসালয়খনৰ একমাত্ৰ চিকিৎসক গৰাকীয়ে চিকিৎসালয়খনৰ পৰা অব্যাহতি গ্ৰহণ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
চিকিৎসকৰ অভাৱত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়ক – Exclusive : ভাৰত – বাংলা সীমান্তৰে বস্তাই বস্তাই বাংলাদেশলৈ সৰবৰাহ ভাৰতীয় মুদ্ৰা