ডিফু: কাৰ্বি আংলং জিলাত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলী চালনা কৰাত এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আহত হয়, মঙলবাৰে আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
আৰক্ষীয়ে জনোৱা মতে সোমবাৰে খটখটি আৰক্ষী থানাৰ এটা দলে এক অভিযান চলাই ১০০ গ্ৰাম ড্ৰাগছসহ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আৰু আন এজন অভিযুক্ত আটক কৰিছিল। ইয়াৰে এগৰাকী সদ্স্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দলটোৰ আন সদস্যক আটক কৰিবলৈ তেওঁক ডিমাপুৰলৈ নি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে।
আৰক্ষীৰ গাড়ীখনে কিছু সময়ৰ বাবে পথত ৰখাৰ সময়তে অভিযুক্ত লোকজনে এগৰাকী আৰক্ষীক গটা মাৰি সমীপৰ এখন হাবিৰ মাজলৈ পলায়ন কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ”তেওঁক ৰখিবলৈ সকিয়াই দিয়াৰ পিছতো আমাৰ কথা নুশুনাত আমি তেওঁৰ ভৰিত গুলীয়াব লগা হয়,” এগৰাকী আৰক্ষী বিষয়াই কয়।
বাতৰি যুগুত কৰা সময়ত অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীজন ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক – মহানগৰীৰ এখন বিশেষ চৰকাৰী বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিছে টেবলেট