গুৱাহাটী – অসমৰ প্ৰখ্যাত সন্তৰণবিদ তথা কেবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিভূষিত জলকোঁৱৰৰূপে পৰিচিত এলভিছ আলী হাজৰিকাই পুনৰ সাতুৰিবলৈ লৈছে ইংলিছ চেনেলত। উল্লেখ্য যে এই পদক্ষেপ হ’ব সন্তৰণবিদগৰাকীৰ দ্বিতীয়টো প্ৰচেষ্টা। উল্লেখ্য যে ২০১৮ত সাঁতোৰবিদজনে ইংলিছ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও সামান্য দূৰত্বৰ বাবে সেইবাৰ ব্যৰ্থ হৈছিল। ইয়াৰ পিছত এইবাৰ কঠোৰ অনুশীলনেৰে পুনৰ ইংলিছ চেনেলত নামিবলৈ সাজু হৈছে এলভিছ।
এলভিছে ২০২৩ চনৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেলত সাঁতোৰাৰ চেষ্টা কৰিব। ইয়াৰ আগৰবাৰ সাঁতোৰত এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত ‘ৱান ৱে’ ছুইম’ কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ ‘টু ৱে ছুইম’কৰিব। অর্থাৎ ইংলেণ্ডৰ পৰা ফ্রান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাঁতোৰৰ মুঠ দূৰত্ব হ’ল ৭৮ কিল মিটাৰ। এই ৰীলে সাঁতোৰত প্ৰতিগৰাকী সম্ভণবিদক এটা নিৰ্দিষ্ট দূৰত্বত সাঁতুৰিবলৈ দিয়া হ’ব।
এলভিছে এই সন্দৰ্ভত কয় যে ইংলিছ চেনেল সাঁতোৰাৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক আর্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে সাঁতোৰবিদগৰাকীয়ে।
স্মর্তব্য যে চলিত ছেপ্টেম্বৰত এলভিছে নৰ্দান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নর্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতুৰিবলৈ সক্ষম হৈছিল সাতোঁৰবিদজনে।