গুৱাহাটী : ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডীৰ বাবে অসমৰ পুৰুষ দল ঘোষণা। অহা ২১ ৰ পৰা ২৬ জুলাইলৈ হাৰিয়ানাৰ চাৰখী দাদৰীত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ৩ জন ষ্টেণ্ডবাইসহ অসমৰ ১৫ জনীয়া পুৰুষ দলটো ঘোষণা কৰে অসম কাবাডী সন্থাই।

বাছনিপ্ৰাপ্ত খেলুৱৈ সকল ক্ৰমে আব্দুল আৰীফ, আচিম ইকবাল, সুৰুজ তামুলী, গৌতম গগৈ, খাংম্পী ৱাংপান, যুগল সন্দিকৈ, দীপজ্যোতি পাঠক, দীপজ্যোতি দাস, মুকিবুৰ ৰহমান, আমিড নাৰ্জাৰী, চানিদুল ইচলাম। ষ্টেণ্ডবাই খেলুৱৈ সকল ক্ৰমে জুবিন ডেকা, সৌৰভ মিলি, চাহিল আহমেদ।

লগতে পঢ়ক –  মেঘালয়ৰ মহিলাক অসম আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ

বাছনিপ্ৰাপ্ত দলটোৱে বৰ্তমান ১২ দিন এ আই এছ প্ৰশিক্ষক ওহিদুজ জমান আৰু দময়ন্তী বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিব। অসম দলটো গঠনৰ বাবে খেলুৱৈ নিৰ্বাচন প্ৰক্ৰিয়া নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত নগাঁৱত অনুষ্ঠিত হয়। বাছনিপ্ৰাপ্ত দলটোৱে নগাঁৱত ১২ দিন প্ৰশিক্ষণ গ্ৰহণ কৰিব। দলটোত এজনো বহিঃৰাজ্যৰ খেলুৱৈ অন্তৰ্ভূক্ত হ’ব নোৱাৰিব বুলি অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply