গুৱাহাটী : যোৱা ২০ মাৰ্চ তাৰিখে ছদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ১৬ জনীয়া ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়।

দক্ষিণ আফ্ৰিকা, টাঞ্জানিয়া, বাংলাদেশ, ভিয়েটনাম আদি দেশৰ এই প্ৰতিনিধিৰ দলটো জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাত আনুষ্ঠানিক অভিনন্দন জনায় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।

আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ উপৰি গুৱাহাটী পৌৰ নিগমৰ য়ুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত থকা এই সভাত সামগ্ৰিকভাৱে জিলাখনৰ আৰু লগতে আৰক্ষী প্ৰশাসন ব্যৱস্থাৰ আভাষ দিয়াৰ পিছত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

ড্ৰাগছৰ ব্যৱসায়, গড় হত্যা, মানৱ সৰবৰাহ আদি ৰোধৰ বাবে আৰক্ষী বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে সভাত আভাষ দিয়ে আৰক্ষী আয়ুক্ত হৰমীত সিঙে।

প্ৰতিনিধি দলটোৱে কাইলৈ মাৰিগাঁও ভ্ৰমণ কৰাৰ পিছত ২৬ মাৰ্চত অসমৰ পৰা ঘূৰি যাব।

লগতে পঢ়ক – গুৱাহাটী বিমানবন্দৰৰ নিকৃষ্ট কাণ্ড: শাৰীৰিক বাধাগ্ৰস্ত ৮০ বছৰীয়া বৃদ্ধাক উলংগ কৰি তালাচী!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply