নগাঁও: ভুল চিকিৎসা, ৰোগীৰ লগত দুৰ্ব্যৱহাৰ আদি বিভিন্ন অভিযোগৰ বাবে প্ৰায়ে বিতৰ্কত থকা নগাঁৱৰ খুটিকটীয়াৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত আজি পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
শল্য চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ গোপাল চন্দ্ৰ ৰয়ক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱৰ গমাৰিআটিৰ ৰাইজে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে, গমাৰিআটিৰ এগৰাকী কিশোৰে পেটৰ বিষ অনুভৱ কৰাত অভিভাৱকে তেওঁক চিকিৎসক গৰাকীৰ ওচৰলৈ লৈ আনিছিল। চিকিৎসকজনে কিশোৰ গৰাকীক appendix-ৰ অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিয়ে।
কিন্তু অস্ত্ৰোপচাৰ কৰাৰ পিছতো পেটৰ বিষ নকমাত চিকিৎসক ৰয়ে কিশোৰ গৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু নগাঁৱৰ চৰকাৰী চিকিৎসকে কিশোৰগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেওঁক চিকিৎসকে কোনো অস্ত্ৰোপচাৰ কৰা নাই বুলি কয়।
ইয়াৰ পিচতে পৰিয়ালটোৱে কিশোৰজনক লৈ পুনৰ ডাঃ ৰয়ৰ ওচৰলৈ যোৱাত তেওঁ কিশোৰ গৰাকীৰ আকৌ অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিয়ে। সন্তানে আৰোগ্য লাভ কৰাৰ আশাত পৰিয়ালৰ লোকে চিকিৎসকৰ প্ৰস্তাৱত সন্মতি দিয়ে যদিও উক্ত অস্ত্ৰোপচাৰৰ পিচতে কিশোৰজনৰ অৱস্থা অধিক জটিল হৈ পৰে।
উপায়ন্তৰ হৈ পৰিয়ালটোৱে কিশোৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাত জি এম চি এইচৰ চিকিৎসকে কিশোৰগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকৰ ভুলৰ বাবেই কিশোৰগৰাকীৰ অৱস্থা জটিল হৈ পৰে বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।
ইয়াৰ পিছতে পৰিয়ালৰ লোকে ডাঃ ৰয়ক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে কিশোৰটিৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ আশ্বাস দিয়ে আৰু এই সম্পৰ্কে সংবাদ মাধ্যমক নজনাবলৈ পৰিয়ালৰ লোকক অনুৰোধ কৰে।
কিন্তু পৰিয়ালৰ লোকে চিকিৎসক গৰাকীৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবীত নগাঁৱৰ জি ডি নাৰ্ছি হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিয়ালৰ লোকৰ উগ্ৰমূৰ্ত্তি দেখি চিকিৎসালয়খনৰ পৰা পলায়ণ কৰে ডাঃ গোপাল ৰয়ে।
ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে নগাঁও আৰক্ষীক এই সংক্ৰান্তত এক অভিযোগ দাখিল কৰিছে।
লগতে পঢ়ক – গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীত বুকুত জাঁপ দিলে এজনে